যোৰহাট জিলাৰ আয়ুক্তই আজি টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহনা হাইস্কুলত অনুষ্ঠিত হ’বলগীয়া মেগা স্বাস্থ্য শিৱিৰৰ স্থান পৰিদৰ্শন কৰি ইয়াৰ প্ৰস্তুতিৰ বিভিন্ন দিশ সন্দৰ্ভত বুজ লয়। এই পৰিদৰ্শন কালত আয়ুক্তগৰাকীৰ সৈতে টীয়ক আৰু মৰিয়নীৰ সম জিলাৰ আয়ুক্তদ্বয়, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু সংশ্লিষ্ট বিভাগীয় বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, অহা ১১ অক্টোবৰত তিতাবৰ বিধানসভা সমষ্টিৰ অন্তর্গত পদ্মৰাম শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু ১৬ অক্টোবৰত যোৰহাট বিধানসভা সমষ্টিৰ অন্তর্গত কাকজান চৰকাৰী উচ্চতৰ মাধ্যমাধিক বালিকা বিদ্যালয়ত মেগা স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হব।
Assamese | October 5, 2025 8:07 PM | Jorhat district Mega Health Mela
যোৰহাট জিলাৰ আয়ুক্তৰ টীয়কত হ’বলগীয়া মেগা স্বাস্থ্য শিৱিৰৰ স্থান পৰিদৰ্শন