যোৰহাটৰ ম’হবন্ধা এৰালতলি পথাৰত অহা বছৰৰ ৬ ফেব্ৰুৱাৰীৰ পৰা হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ লাইখুঁটা আজি স্থাপন কৰা হয় । লাইখুঁটা স্থাপন উপলক্ষে অনুষ্ঠিত মুকলি সভাত বিত্তমন্ত্রী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে জিলা আয়ুক্ত উপস্থিত থাকে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই লাইখুঁটা স্থাপন কৰে।
Assamese | November 17, 2024 6:35 PM | Srimanta sankardev sangha
যোৰহাটৰ ম’হবন্ধা এৰালতলিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপন