July 23, 2026 7:52 PM | jorhat flood

printer

যোৰহাটৰ বিভিন্ন স্থানত বিশেষ পশু স্বাস্থ্য প্রতিষেধক প্ৰদান, চিকিৎসা শিবিৰ

যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত, জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত বানৰ পিছত পশুধনৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন স্থানত বিশেষ পশু স্বাস্থ্য প্রতিষেধক প্ৰদান কৰাৰ লগতে চিকিৎসা শিবিৰ চলাই থকা হৈছে।

 এই কাৰ্যসূচীৰ অংশস্বৰূপে বৰহোলা ৰাজ্যিক চিকিৎসালয়ৰ অধীনস্থ অৰঙীয়াল গাঁৱত আজি এটা জৰুৰী পশু স্বাস্থ্য শিবিৰ সফলতাৰে সম্পন্ন হয়। একেদৰে টিয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত বলোমা ৰাজ্যিক পশু চিকিৎসালয়ৰ অধীনৰ বলোমা পথাৰ গাওঁ আৰু দোলাখৰীয়া গাঁৱত যৌথভাৱে পশু স্বাস্থ্য তথা ঔষধ বিতৰণৰ দ্বিতীয়টো বিশেষ শিবিৰ সম্পন্ন হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।