মন্ত্রী কৌশিক ৰায়ে আজি যোৰহাটৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকৰগঢ়াৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ধান ক্রয় কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সৰুচৰাই গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটডো পৰিদৰ্শন কৰে।
পৰিদৰ্শন কালত খাৰিফ বতৰৰ ধান ক্ৰয় প্ৰক্ৰিয়াৰ অগ্রগতি পর্যালোচনা কৰাৰ লগতে কৃষকৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে আগবঢ়োৱা অতিৰিক্ত সাহায্য ব্যৱস্থাৰ বুজ লোৱা হয়।
মন্ত্ৰীগৰাকীয়ে সৰু চৰাই গাঁও পঞ্চায়ত সমবায় সমিতিৰ গুডাম ঘৰৰ সংৰক্ষণ ব্যৱস্থা তথা কার্যক্ষমতাও পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব অনসূয়া দত্ত বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।