যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি মিছন শক্তি আঁচনিৰ জিলা পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সহকাৰী আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত ৰূপায়ণ কৰিবলগীয়া এই আঁচনিৰ জৰিয়তে ছোৱালী আৰু মহিলাসকলৰ সৱলীকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে মহিলাৰ সুৰক্ষা আৰু আৰ্থসামাজিক দিশৰ সৱলীকৰণৰ বাবে বিভিন্ন হ্রস্রম্যাদী আৰু দীৰ্ঘম্যাদী সেৱা আগবঢ়োৱা হ’ব।
Assamese | October 20, 2024 12:16 PM | Jorhat district
যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মিছন শক্তি আঁচনিৰ জিলা পৰ্যায়ৰ বৈঠক