মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি টীয়কৰ কলিয়াপানীত থকা আউনীআটী বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ শৈক্ষিক ভৱন মুকলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ বান পৰিস্থিতিৰ পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰতো সেৱা ল’ব।
উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন জিলাৰ সম উন্নয়ন, প্রশাসনিক বিষয় আৰু ভালেমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ যোৰহাটত অনুষ্ঠিত দুদিনীয়া জিলা আয়ুক্ত সন্মিলনৰ কালি মাজনিশা সামৰণি পৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰমূলক সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্য প্ৰশাসনক গতিশীল কৰাৰ লক্ষ্যৰে দৈনন্দিন শাসন আৰু চৰকাৰী সেৱা প্ৰদান ব্যৱস্থাত আধুনিক তথ্য প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগ নিশ্চিতকৰণৰ নিৰ্দেশ দিয়ে। সাধাৰণ নাগৰিকৰ দৈনন্দিন কাম-কাজ যাতে সমজিলা পর্যায়তে সমাধান হয়, তাৰবাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিছে। আয়ুক্তসকলক কেৱল কার্যালয়তে আৱদ্ধ নাথাকি নিয়মিত ক্ষেত্রভিত্তিক পৰিদৰ্শনৰ জৰিয়তে চৰকাৰী সেৱাৰ মান নিৰীক্ষণৰো নিৰ্দেশ দিয়া হৈছে। একেদৰে অসমৰ প্ৰতিখন জিলাত দেশৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে পৰিগণিত হ’ব পৰাকৈ আয়ুক্তসকলৰ মাজত সুস্থ প্রতিযোগিতা আৰু দায়ৱদ্ধতাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো সন্মিলনত গুৰুত্ব দিয়া হয়। পুৰণি প্ৰশাসনিক ব্যৱস্থা তথা আওপুৰণি মানসিকতাৰ পৰা ওলাই আহি সকলোকে জনসেৱাত অধিক মনোনিৱেশ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। প্ৰতিটো বিভাগে অহা ছমাহ বা এবছৰত কি কাম কৰিব লাগিব, সেই সন্দৰ্ভতো সন্মিলনত মুখ্যমন্ত্রীয়ে নির্দেশনা দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে আয়ুক্ত সন্মিলনত ১৫ টা বিভাগক লৈ ২৭ ঘণ্টাতকৈও অধিক সময় আলোচনা কৰে। ৰাজ্যৰ প্রশাসন ব্যৱস্থাক অধিক জনমুখী আৰু ফলপ্ৰসূ কৰাৰ লগতে তৃণমূল পৰ্যায়ত জনসেৱা অধিক উন্নত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়। এই আলোচনাৰ মাজতে ৮৫ টাতকৈও অধিক ফাইলত মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰে। সন্মিলনৰ বিভিন্ন কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু ৰামেশ্বৰ তেলীকে ধৰি ভালেকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে।