প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাভ্যাসক তেওঁলোকৰ দৈনন্দিন জীৱনৰ অংগ কৰি লোৱা বাবে অন্ধ্ৰপ্ৰদেশৰ নাগৰিকসকলক প্ৰশংসা কৰে। বিশাখাপট্টনমত কালি হোৱা সুদীৰ্ঘ যোগাভ্যাসৰ গীণিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বিশাখাপট্টনমত অনুষ্ঠিত এই কার্যসূচীয়ে কল্যান তথা সুস্বাস্থ্যৰ প্ৰতি মনোযোগ দিবলৈ জনসাধাৰণৰ উৎসাহিত কৰি থাকিব। উল্লেখযোগ্য যে কালি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশ লয়। তদুপৰি এই যোগাভ্যাস কার্যসূচীত ৩ লাখতকৈ অধিক আগ্রহী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোগাভ্যাসে জনসাধাৰণক পৰস্পৰৰ ওচৰ চপাই নিয়ে ৷
Assamese | June 22, 2025 8:00 PM | PM Andhra
যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংগ কৰি লোৱাত অন্ধ্ৰপ্ৰদেশৰ নাগৰিকক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা