ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বিবিংশতিতম প্রতিষ্ঠা দিৱস উপলক্ষে শিক্ষাবিদ অশোক বৰগোঁহাই সোঁৱৰণী সাংবাদিকতা বঁটা যুৱ সাংবাদিক টমাচ বুঢ়াগোঁহাইক প্ৰদান কৰা হ’ব। অহা ১৪ আগষ্টত বৰ্ণিল কাৰ্যসূচীৰে হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত টমাচ বুঢ়াগোঁহাইক এই বঁটা দিয়া হ’ব।
এই একেটা অনুষ্ঠানতে ডিব্ৰুগড়ৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব । ইফালে, শেহতীয়াকৈ উজনি অসমৰ কেইবাখনো জিলাত হোৱা বানৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ সোঁৱৰণত বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ’ব। প্ৰতিষ্ঠা দিৱস উপলক্ষে উদ্যোক্তসকলে সকলো শ্ৰেণীৰ লোকৰ লগতে শুভাকাংক্ষীসকলকো সেইদিনা সকলো কার্যসূচীতে উপস্থিত থাকিবলৈ আহ্বান জনাইছে।