যুৱপ্ৰজন্মৰ ভোটদাতাক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী আয়োগে নতুন নতুন কৌশল অৱলম্বন কৰাৰ সময়তে কামৰূপ জিলা নির্বাচনী বিষয়াই জিলাখনৰ উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটীৰ সহযোগত থ্রী ডি প্রিন্টেড বেলট মেচিন প্ৰস্তুত কৰি উলিয়াইছে। এই যন্ত্ৰটোৰ সহায়ত নতুন ভোটাৰসকলে ইলেকট্রনিক ভোটিং মেচিন ব্যৱহাৰৰ বিষয়ে শিকাৰ লগতে ভোটদানৰ ক্ষেত্ৰত থকা শংকা আঁতৰ কৰি সজাগতা সৃষ্টি কৰিব বুলি প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা জানিবলৈ দিছে। আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ সহকাৰী অধ্যাপক ডº অজিত কুমাৰৰ তত্বাৱধানত প্ৰস্তুত কৰা এই মেচিনটো পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণকাৰী কাৰ্যসূচীৰ অন্তৰ্গত আৰু ই গ্ৰামাঞ্চলৰৰ ভোটাৰৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ সাজু হোৱা ভোটদাতা সকলক সজাগ আৰু লাভৱান কৰিব বুলি কামৰূপ জিলা নির্বাচনী বিষয়া কীর্তি জল্লীয়ে আশা প্রকাশ কৰিছে।
Assamese | April 22, 2024 8:18 PM | Assam Election
যুৱপ্ৰজন্মক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী আয়োগৰ নতুন নতুন কৌশল অৱলম্বন