উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে যুৱক-যুবতীসকলৰ মাজত ধনাত্মক চিন্তা গঢ়ি তুলিবলৈ দেশৰ ইতিবাচক বিষয়বোৰক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। নতুন দিল্লীত ২০২৪ বৰ্ষৰ মনোৰমা নিউজমেকাৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে সাংবাদিকতাই কণ্ঠহীনসকলক কণ্ঠ দান কৰাৰ দৰে গুৰুত্বপূর্ণ কার্য সম্পাদন কৰে। তেওঁ লগতে সজাগতা বৃদ্ধিৰ জৰিয়তে নিচামুক্ত সমাজ গঢ়ি তোলাত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে বুলিও প্রকাশ কৰে। এই উপলক্ষে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেন্দ্রীয় পর্যটন আৰু পেট্রলিয়াম তথা প্রাকৃতিক গেছ ৰাজ্যমন্ত্রী সুৰেশ গোপীক মনোৰমা নিউজমেকাৰ বঁটা প্ৰদান কৰে। তেওঁ চলচ্চিত্ৰ আৰু ৰাজনীতি উভয় ক্ষেত্ৰতে নিজৰ সফলতাক বৰ্তাই ৰখাৰ বাবে শ্রীগোপীক প্রশংসা কৰে।
Assamese | November 16, 2025 8:50 PM | vice president cp radhakrishnan
যুৱক-যুবতীসকলৰ মাজত ধনাত্মক চিন্তা গঢ়ি তুলিবলৈ দেশৰ ইতিবাচক বিষয়বোৰক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আলোকপাত