November 12, 2026 1:30 PM | PM

printer

য়ুগে যুগিন ভাৰত সংগ্রহালয়ে নতুন দিল্লীক সাংস্কৃতিক ঐতিহ্যৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰীৰ মত প্ৰকাশ

নতুন দিল্লীৰ য়ুগে যুগিন ভাৰত সংগ্রহালয়ে দেশৰ ৰাজধানী ক্ষেত্ৰখনক সাংস্কৃতিক ঐতিহ্যৰ গোলকীয় কেন্দ্র হিচাপে গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই সংগ্ৰহালয়টো দৰ্শনাৰ্থীৰ বাবে বিশাল দৰ্শনৰ এলেকাৰ ব্যৱস্থা কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় মন্ত্রীসভাই এই সংগ্রহালয়ৰ উত্তৰ আৰু দক্ষিণ ক্ষেত্ৰক ভাৰতৰ সভ্যতাৰ ইতিহাসৰ অনন্য উদযাপন হিচাপে গঢ়ি তোলাৰ বাবে লোৱা সিদ্ধান্তই ইয়াক অতুলনীয় কৰিব তুলিব। শ্রীমোদীয়ে কয় যে এই সংগ্রহালয়ে বিশ্বমানৰ বীথিকা আৰু অভূতপূৰ্ব দৰ্শনৰ অভিজ্ঞতাৰে দৰ্শনাৰ্থীক ভাৰতৰ হাজাৰ বছৰীয়া ঐতিহ্যৰ সৈতে পৰিচিত কৰোৱাব। এই সংগ্রহালয়ে প্রাচীন জ্ঞান ব্যৱস্থা, অংক শাস্ত্র, জ্যোতির্বিদ্যা, স্থাপত্য, কলা, ভাষা, আধ্যাত্মিকতাকে ধৰি ভালেমান বিষয় সামৰি ল’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভৱনসমূহলৈ আহি প্ৰত্যক্ষ কৰা সকলে দেশৰ ঐতিহ্যক ন-ৰূপত উদ্ভাৱন কৰাৰ লগতে ভাৰতীয় সভ্যতাৰ কালজয়ী চহকীৰ ছবিখন দেখিবলৈ পাব। প্রধানমন্ত্রীয়ে এই পদক্ষেপক দেশৰ সাংস্কৃতিক ঐতিহ্যৰ নতুন আৰু ঐতিহাসিক অধ্যায়ৰ সূচনা বুলি অভিহিত কৰে।