গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইন্দোৰ ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ য়’নেক্স চানৰাইজ উত্তৰ পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা দলৰ লগতে জুনিয়ৰ ল’ৰা আৰু ছোৱালী দলেও ফাইনেলত প্ৰৱেশ কৰিছে। অসম বেডমিণ্টন সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাখনৰ দলীয় শাখাৰ ছেমিফাইনেলত অসমৰ মহিলা দলটোৱে নাগালেণ্ডক ৩-০ ৰ ব্যৱধানত পৰাস্ত কৰে। ইফালে, জুনিয়ৰ শাখাত অসমৰ ল’ৰা আৰু ছোৱালী উভয় দলে অৰুণাচলৰ দল দুটাক পৰাস্ত কৰে । খিতাপৰ বাবে দুয়োটা দলে মিজোৰামৰ ল’ৰা আৰু ছোৱালীৰ দল দুটাৰ বিৰুদ্ধে খেলিব।
Assamese | September 8, 2024 9:09 PM | BADMINTON GUWAHATI
য়’নেক্স চানৰাইজ উত্তৰ পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা দলৰ লগতে জুনিয়ৰ ল’ৰা আৰু ছোৱালী দলৰ ফাইনেলত প্ৰৱেশ