আগৰতলাত অনুষ্ঠিত য়নেক্স উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমে মুঠ ১১টা সোণৰ পদক জয়েৰে সফলতাৰে অভিযান সামৰিছে। ডাবল্ছত তিনিটা সোণ লাভ কৰা অসমে প্রতিযোগিতাৰ মুকলি শাখাত মুঠ ৮টা সোণ অৰ্জন কৰে। উল্লেখযোগ্য যে পুৰুষ, মহিলা তথা ১৯ বছৰ অনুৰ্ধৰ ল’ৰা আৰু ছোৱালীৰ প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত মুকলি শাখাৰ ১০খন ফাইনেলৰ ৯খনত অসমে প্রতিদ্বন্দ্বিতা কৰে আৰু ইয়াৰে ৮খনত সোণৰ পদক জয় কৰে। ছোৱালীৰ ছিংগল্ছ, ডাবল্ছ আৰু মিক্সড ডাবল্ছৰ পাঁচটা সোণ অসমৰ নবাগত খেলুৱৈসকলে অৰ্জন কৰে।
অসম দলৰ সফলতাৰ বাবে অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খেলুৱৈ, প্ৰশিক্ষক আৰু অন্যান্য সদস্যসকলক শুভেচ্ছা জনাইছে।
Assamese | September 7, 2025 8:34 PM | North East Interstate Badminton Competition
য়নেক্স উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মুঠ ১১টা সোণৰ পদক জয়