আফগানিস্তানৰ বিদেশ মন্ত্রী আমীৰ খান মুক্তাকিয়ে এইবুলি সঁকিয়াই দিছে যে, যদিহে পাকিস্তানে সু-সম্পর্ক আৰু শান্তি নিবিচাৰে, তেন্তে আফগানিস্তানৰো অন্য বিকল্প আছে। দিল্লীত আজি আফগানিস্তান আৰু পাকিস্তানৰ মাজত চলি থকা সংঘর্ষ সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আফগানিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয়, যে দেশখনে ইয়াৰ সাৰ্বভৌমত্ব ৰক্ষা কৰি যাব। তেওঁ কয়, যে পাকিস্তানৰ একাংশই পৰিস্থিতি বেয়াৰ পিনে ঢাল খুৱাবলৈ চেষ্টা কৰিছে। পাকিস্তানৰ জন-সাধাৰণে আফগানিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক বিচাৰে বুলি তেওঁ মন্তব্য কৰে। দুদিন পূর্বে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ অনুষ্ঠানলৈ মহিলা সাংবাদিকক আমন্ত্রণ নজনোৱা সন্দর্ভত সোধা প্ৰশ্নৰ উত্তৰত আফগান বিদেশ মন্ত্ৰীগৰাকীয়ে কয়, যে সেয়া এক প্রযুক্তিগত সমস্যা আছিল, কিয়নো কম সময়ৰ ভিতৰতে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু অনুষ্ঠানৰ বাবে সাংবাদিকৰ এখন চমু তালিকা যুগুত কৰা হৈছিল। ইয়াৰ বাহিৰে আন একো অভিপ্রায় নাছিল বুলি তেওঁ মন্তব্য কৰে।
Assamese | October 12, 2025 9:01 PM | AMIR-KHAN-MUTTAKI Afghanistan Foreign Minister
যদিহে পাকিস্তানে সু-সম্পর্ক আৰু শান্তি নিবিচাৰে, তেন্তে আফগানিস্তানৰো অন্য বিকল্প আছে বুলি আফগানিস্তানৰ বিদেশ মন্ত্রীৰ সকীয়নী