মৰিগাঁও জিলা কৃষি বিভাগৰ দ্বাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ আঁচনিসমূহ ৰূপায়ণ সন্দৰ্ভত পর্যালোচনাৰ বাবে আজি অসম কৃষি সঞ্চালকালয়ৰ এটা জিলা পৰ্যায়ৰ দলে আজি মৰিগাঁও জিলা পৰিদৰ্শন কৰে। নিৰীক্ষণকাৰী দলটোৰ নডেল বিষয়া দুগৰাকীয়ে জিলা কৃষি বিষয়াৰ উপস্থিতিত এটা মত বিনিময় অনুষ্ঠানত মিলিত হয়। কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থকা এই অনুষ্ঠানত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান, সফল ৰূপায়ণ, আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত আলোচনা কৰা হয় ৷ তদুপৰি কৃষি সঁজুলি, কৃষি যান্ত্ৰিকীকৰণ, ভূমি স্বাস্থ্য প্ৰমাণ পত্ৰ, সাৰ আৰু কীটনাশকৰ মজুত, বিক্ৰী আদি সন্দৰ্ভতো আলোচনা কৰা হয়। বৈঠকত কৃষকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়েও আলোচনা কৰা হয়।
Assamese | November 13, 2025 8:08 PM | Scheme Morigaon
মৰিগাঁৱত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ আঁচনিসমূহ পৰিদৰ্শন