মৰিগাঁও জিলাত তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৬ সংখ্যক জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰে। ৰাজ্যৰ ১৩০০ৰো অধিক এথলীটে অংশগ্ৰহণ কৰা প্রতিযোগিতাখনত ডিব্ৰুগড় জিলাই শ্রেষ্ঠ দল, অসম পুলিচে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু শিৱসাগৰ জিলাই তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে। সামৰণি অনুষ্ঠানত মন্ত্ৰী পীযূষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলে বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানতে অসম এথলেটিকছ সন্থাই ২০২৫ বৰ্ষৰ ৪৭ সংখ্যক আন্তঃজিলা এথলেটিকছ প্রতিযোগিতা ধেমাজি জিলাত আয়োজন কৰা হ’ব বুলি ঘোষণা কৰাৰ লগতে জিলাখনৰ বিষয়ববীয়াৰ হাতত সন্থাৰ পতাকা অৰ্পণ কৰে।
Assamese | December 29, 2024 6:45 PM | Morigaon Junior-Senior Championship
মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৬ সংখ্যক জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সামৰণি