সমগ্ৰ শিক্ষা মৰিগাঁৱৰ উদ্যোগত আৰু আৰ্টিফিচিয়েল লিম্ব মেনিফেকচাৰিং লিমিটেড কানপুৰৰ সহযোগত আজি মৰিগাঁও জিলাৰ ৮০গৰাকী শ্রৱণ বাধাগ্ৰস্ত শিশুক শ্ৰৱণ সঁজুলি বিতৰণ কৰা হয়। মৰিগাঁও শিক্ষা বিভাগৰ প্রজ্ঞা ভৱনত আয়োজন কৰা এটা অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই শিক্ষা বিভাগৰ এই পদক্ষেপৰ শলাগ লৈ কয় যে মানৱ সেৱাই প্ৰকৃত সেৱা। এই সঁজুলিসমূহে দিব্যাংগ শিশুসকলক আগবাঢ়ি যোৱাত সহায় কৰিব। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰবেন্দ্ৰ কুমাৰ দাস, মৰিগাঁও জিলাৰ সহকাৰী আয়ুক্ত পংকজজ্যোতি শইকীয়া, মিলেশ্বৰ পাটৰ, অপূৰ্ব ঠাকুৰীয়া, লক্ষ্মীনন্দন শইকীয়া আদি বহুকেইগৰাকী বিভাগীয় বিষয়া উপস্থিত থাকে।
Assamese | February 26, 2025 6:39 PM | Morigaon District
মৰিগাঁও জিলাৰ ৮০গৰাকী শ্রৱণ বাধাগ্ৰস্ত শিশুক শ্ৰৱণ সঁজুলি বিতৰণ