আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰৰ মে’ৰ দ্বিতীয়টো দেওবাৰত এই দিৱস উদযাপন কৰা হয় ৷ এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জনোৱা হয়। নাগালেণ্ডত এই দিৱস উপলক্ষে গীর্জাসমূহত মাতৃক সন্মান প্ৰদৰ্শনৰ বাবে বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে। মাতৃক বিশেষ সন্মান জনোৱাৰ অৰ্থে পৰিয়ালসমূহ একেলগ হৈ বিভিন্ন প্ৰকাৰৰ খাদ্য প্ৰস্তুত কৰাৰ লগতে মাতৃসকলক উপহাৰ প্ৰদান কৰা হয়। তদুপৰি মাতৃৰ লগতে পৰিয়ালৰ আন সকলৰ সু-স্বাস্থ্য আৰু মংগলৰ অৰ্থে প্ৰাৰ্থনাৰো আয়োজন কৰা হয় ৷
Assamese | May 11, 2025 7:23 PM | Mother's Day
মে’ মাহৰ দ্বিতীয়টো দেওবাৰ বিশ্বজুৰি মাতৃ দিৱস হিচাপে উদযাপন কৰা হৈছে