প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মেলবর্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানেজৰ সৈতে আলোচনাত মিলিত হ’ব। দুয়োগৰাকী নেতাৰ মাজৰ আলোচনাই বাণিজ্য, প্ৰতিৰক্ষা, গুৰুত্বপূর্ণ প্রযুক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্রত সহযোগিতা শক্তিশালী কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। শ্রীমোদীয়ে এই ভ্রমণকালত ভাৰত অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়াসকলৰ মঞ্চত অংশগ্ৰহণৰ লগতে দুয়োখন দেশৰ ব্যৱসায়ী নেতাসকলক উদ্দেশি ভাষণ দিব। তেওঁ লগতে মেলবর্নত আয়োজিত এটা অনুষ্ঠানত প্রবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে ত্রিদেশীয় ভ্রমণৰ দ্বিতীয় পর্যায়ত ইণ্ডোনেছিয়া ভ্রমণ সামৰি শ্রীমোদী তিনিদিনীয়া ভ্রমণসূচীৰে কালি সন্ধিয়া অষ্ট্ৰেলিয়াত উপস্থিত হয়।
ভাৰতীয় সম্প্রদায়ৰ লোকসকলে প্রধানমন্ত্রী মোদীক নৃত্য গীতেৰে মেলবর্নত আদৰণি জনায়। অষ্ট্ৰেলিয়াত থকা ভাৰতৰ উচ্চাযুক্ত নাগেশ সিঙে কয়, যে এটা দশকত তৃতীয়বাৰৰ বাবে শ্রীমোদীৰ অষ্ট্ৰেলিয়া ভ্রমণে বিগত বছৰসমূহত দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় হোৱাকে প্রতিফলিত কৰিছে।