ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি মুম্বাইৰ ৱাখেড়ে ষ্টেডিয়ামত খেলোৱা হ’ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। ভাৰতে ইতিমধ্যে ৩-১ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰে যদিও ইংলেণ্ডে তৃতীয়খন খেলত বিজয় সাব্যস্ত কৰি শৃংখলাত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায়। অৱশ্যে চতুৰ্থখন খেলত সূর্য কুমাৰ নেতৃত্বাধীন ভাৰতীয় দলে ১৫ ৰানত জয়লাভ কৰি শৃংখলাৰ অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰে।
টি-২০ শৃংখলাৰ পাছত ভাৰত আৰু ইংলেণ্ডৰ মাজত তিনিখন এদিনীয়া খেল খেলোৱা হ’ব। এই তিনিখনীয়া শৃংখলাৰ প্ৰথমখন খেল বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব। বাকী দুখন খেল ৯ আৰু ১২ ফেব্ৰুৱাৰীত খেলোৱা হ’ব।
Assamese | February 2, 2025 12:29 PM | india-england t20
মুম্বাইৰ ৱাখেড়ে ষ্টেডিয়ামত ভাৰত আৰু ইংলণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল