মুম্বাইত আজি পুৱা হোৱা এটা অগ্নিকাণ্ডত উশাহ বন্ধ হৈ দুগৰাকী মহিলা নিহত হোৱাৰ লগতে আন দুগৰাকী মহিলা আহত হয়। দক্ষিণ মুম্বাইৰ মছজিদ বন্দৰ অঞ্চলৰ পান্না আলী মেনচন নামৰ কেইবামহলীয়া ভৱনটোৰ একাদশ মহলাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চিকিৎসালয়ত ভৰ্তি হৈ থকা আহত লোকসকল বর্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে। বাতৰি লিখাৰ পৰলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷
Assamese | February 16, 2025 8:50 PM | Mumbai Fir incident
মুম্বাইৰ এটা অগ্নিকাণ্ডত দুগৰাকী মহিলা নিহত