মুম্বাইত অহা ১০ৰ পৰা ১৬ জানুৱাৰীলৈ একবিংশ থার্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ অংশ হিচাপে অন্ধেৰি, থানে, ছিয়ৰ লগতে কেইবাটাও স্থানৰ চলচ্চিত্ৰ গৃহসমূহত মুঠ ৬১ খন ছবি প্ৰদৰ্শন কৰা হ’ব। কাঞ্চ চলচ্চিত্ৰ মহোৎসৱৰ আনচাৰটেইন ৰিগার্ড শাখাত শ্ৰেষ্ঠ ছবি হিচাপে সন্মানিত দ্যা ব্লেক ডগ শীৰ্ষক ছবিখনৰ প্ৰদৰ্শনেৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰা হ’ব। যশস্বী চিত্ৰনাট্যকাৰ আৰু গীতিকাৰ জাভেদ আখতাৰক এই মহোৎসৱত এছিয়ান ফিল্ম কালচাৰ বঁটাৰে সন্মানিত কৰা হ’ব। একেদৰে, সাংবাদিক ৰফিক বাগদাদিলৈ সত্যজিৎ ৰায় স্মাৰক বঁটা আগবঢ়োৱা হ’ব।
Assamese | December 28, 2024 9:16 PM | Film Award
মুম্বাইত অহা ১০ৰ পৰা ১৬ জানুৱাৰীলৈ একবিংশ থার্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন