দিল্লী চৰকাৰে মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা সন্দৰ্ভত কোনো জাননী প্ৰকাশ কৰা নাই বুলি ৰাজ্যখনৰ মহিলা আৰু শিশু বিকাশ বিভাগে স্পষ্ট কৰি দিছে। বিভাগটোৰ যুটীয়া সঞ্চালকে এই বিষয়ত কয়, যে তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে এটা ৰাজনৈতিক দলে এই আঁচনিৰ অধীনৰ মহিলাসকলক প্ৰতিমাহে ২১০০ টকাকৈ প্ৰদান কৰা হ’ব বুলি দাবী কৰাৰ তথ্য লাভ কৰিছিল। এই আঁচনিৰ নামত আবেদনকাৰীৰ পৰা পত্ৰ সংগ্ৰহ কৰা যিকোনো ব্যক্তি বা ৰাজনৈতিক দলে প্রকৃততে প্ৰৱঞ্চনা কৰিছে বুলি যুটীয়া সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। ইফালে, দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱাই আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে এই আঁচনিৰ নামত দিল্লীৰ জনসাধাৰণক প্ৰৱঞ্চনা কৰিছে বুলি অভিযোগ কৰে। আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে এই অভিযোগৰ প্ৰত্যুত্তৰত কয়, যে আঁচনিখন সন্দৰ্ভত জাননী প্ৰকাশ কৰা বিষয়াসকলৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
Assamese | December 25, 2024 6:42 PM | Delhi government
মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা সন্দৰ্ভত কোনো জাননী প্ৰকাশ কৰা নাই বুলি দিল্লী চৰকাৰৰ স্পষ্টীকৰণ