স্নাতক যুৱক-যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত এই উপলক্ষে আজি কিছু সময়ৰ পূৰ্বে আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই আঁচনিখন মুকলি কৰে। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্রশান্ত ফুকনো উপস্থিত থাকে। এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক-যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতিকে ধৰি অন্যান্য ক্ষেত্ৰত সহায়ক হোৱাকৈ এবছৰলৈ প্ৰতিমাহে দুহেজাৰ ৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা ২০২৫ বৰ্ষত স্নাতক ডিগ্রী লাভ কৰা যুৱক-যুৱতীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হব লাগিব ।
Assamese | November 3, 2025 6:58 PM | CM assam
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ