মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ বাবে ১৫ আগষ্ট আবেদনৰ অন্তিম দিন ধার্য কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে উদ্বোধন কৰা এই আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীসকলক ২৫ হাজাৰ টকাৰ আৰু দিব্যাংগ গৱেষকসকলক ৪০ হাজাৰ টকাৰ এককালীন আর্থিক সাহায্য প্ৰদান কৰা হ’ব। এই আঁচনিৰ বাবে আবেদন কৰিবলৈ অসমত থকা চৰকাৰী, ৰাজহুৱা বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ পূৰ্ণকালীন গৱেষক হ’ব লাগিব। ২০২৫ চনত পি এইচ ডিত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলেহে আঁচনিখনৰ সুবিধা লাভ কৰিব । আঁচনিখনে ৰাজ্যৰ শিক্ষাখণ্ডত নতুন যুগৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই আশা প্রকাশ কৰিছে।
Assamese | June 13, 2025 12:23 PM | cm jivan anuprerona
মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ বাবে আৱেদনৰ অন্তিম দিন ১৫ আগষ্ট