মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ অনুমোদন পত্ৰ প্ৰদানৰ কাৰ্যসূচী মুকলি কৰিব। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৃহ অনুমোদন পত্ৰ প্ৰদানৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব। বিধানসভা সমষ্টি অনুসৰি গৃহ অনুমোদন পত্ৰ প্ৰদানৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কসকলে বিভিন্ন স্থানত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অৱশ্যে আদর্শ নির্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ বাবে বকো-ছয়গাঁও সমষ্টিত এই কার্যসূচী অনুষ্ঠিত নহয়।
Assamese | March 19, 2025 12:24 PM | PMAYG
মুখ্যমন্ত্ৰীয়ে ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ অনুমোদন পত্ৰ প্ৰদানৰ কাৰ্যসূচী মুকলি কৰিব