মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ ৪০ গৰাকী সদস্যৰ ভিতৰত ৩৬গৰাকীয়ে ভোটদান কৰে। এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে ৰাজ্যখনৰ বিধানসভা প্রাংগনত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা ৯ বজাৰ পৰা ভোটগ্রহণ অনুষ্ঠিত হয়। বিয়লি ৪ বজাত ভোটগ্রহণৰ সময়সীমা নির্ধাৰণ কৰা হৈছিল যদিও দিনৰ প্ৰায় ১১ বজাতে ভোটগ্রহণ প্রক্রিয়া সমাপ্ত হয়। মুখ্যমন্ত্রী লালদুহোমা আৰু গৃহমন্ত্রী কে ছাপদাংগাকে ধৰি শাসনাধিষ্ঠিত জোৰাম পিপ্লছ ম’ভমেণ্টৰ ২৬ জন সদস্য আৰু বিৰোধী মিজো নেচনেল ফ্ৰণ্টৰ ১০জন বিধায়কে ভোটদান কৰে। বিজেপিৰ দুজন বিধায়ক আৰু কংগ্ৰেছৰ একমাত্র বিধায়কজন ভোটগ্রহণৰ পৰা বিৰত থকাৰ বিপৰীতে জোৰাম পিপ্লছ ম’ভমেন্ট দলৰ এজন বিধায়ক স্বাস্থ্যজনিত কাৰণৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিলে।
Assamese | June 18, 2026 8:05 PM | Mizoram RS Election
মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে ভোটদান সম্পন্ন