বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি নিশা জার্মানীত অনুষ্ঠিত মিউনিখ নিৰাপত্তা সন্মিলন সন্দৰ্ভত ইউক্রেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আন্দ্ৰী চিবিহাক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই ইউক্রেইন সংঘাত সমাধানৰ দিশত চলি থকা প্ৰচেষ্টাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে ভাৰত ইউক্রেইন দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰতো আলোচনা আগবঢ়ায়। ড০ জয়শংকৰে জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট’ৰিয়াচকো সাক্ষাৎ কৰে। তেওঁলোকৰ এই আলোচনাত দ্বিপাক্ষিক সহযোগিতা আৰু ইউক্রেইনৰ উন্নয়নৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছে।
৬১ সংখ্যক মিউনিখ নিৰাপত্তা সন্মিলন কালি জাৰ্মানীৰ মিউনিখ চহৰত আৰম্ভ হৈছে। এই সন্মিলনত নীতি নিৰ্ধাৰক আৰু বিশেষজ্ঞসকলক একত্ৰিত কৰি গোলকীয় নিৰাপত্তাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা কৰা হয়। ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এম এছ চি ২০২৫ত অনুষ্ঠিত থিংক টেংক অনন্ত এছপেন অধিবেশনতো অংশগ্ৰহণ কৰে। এই অধিবেশনৰ বিষয়বস্তু আছিল কামিং অৱ এইজ : ৰাইজিং ইণ্ডিয়াজ চিকিউৰিটি চেলেঞ্জেচ।
Assamese | February 15, 2025 6:09 PM | S Jaishankar
মিউনিখ নিৰাপত্তা সন্মিলনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ