মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত প্ৰায় ডেৰঘণ্টাজোৰা আলোচনাৰ অন্তত কালি নেতা দুগৰাকীয়ে সকলো শক্তি আন্তঃগাঁথনি খণ্ডত ৩০ দিনৰ যুদ্ধ বিৰতিত সন্মতি প্রকাশ কৰে। অৱশ্যে ইউক্রেইনে এতিয়ালৈকে সীমিত শক্তি যুদ্ধ বিৰতি প্ৰস্তাৱত কোনো ধৰণৰ সহমত অথবা প্রতিক্রিয়া প্ৰকাশ কৰা নাই। ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়, ক্রেমলিনৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে ৰাষ্ট্ৰপতি পুটিন সম্পূর্ণ যুদ্ধবিৰতিৰ বাবে সাজু আছে। শ্ৰী ট্রাম্পৰ সৈতে হোৱা আলোচনাত এই সন্দৰ্ভত ভালেমান গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰা হয় বুলি ক্রেমলিনৰ সূত্ৰত প্ৰকাশ। আনহাতে মধ্যপ্রাচ্যত অতি সোনকালে ইউক্রেইন শান্তি বিষয়ত নতুনকৈ আলোচনা আৰম্ভ হ’ব বুলি হোৱাই হাউছৰ সূত্ৰই প্ৰকাশ কৰিছে।
বিগত সপ্তাহত চৌডি আবৰত আমেৰিকাৰ প্ৰদেশ সচিব মার্কো কবিঅ’ৰ নেতৃত্বত ইউক্রেইনৰ বিষয়ববীয়াসকলে আমেৰিকাৰ প্ৰস্তাৱক লৈ সন্মতি প্ৰকাশ কৰাৰ ফলশ্ৰুতিত কালি শ্ৰী পুটিন আৰু শ্ৰী ট্রাম্পৰ মাজত মত বিনিময় হয়।
Assamese | March 19, 2025 11:53 AM | US-Russia
মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত আলোচনা