মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এজনী পোহনীয়া হাতী বহিঃৰাজ্যলৈ সৰবৰাহ কৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে কালি এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত শ্ৰীমতী ঘোষে কয়, যে তিনিচুকীয়াৰ এজন মালিকে সীমিত সময়ৰ বাবে হাতীজনীক মানাহত ৰাখিছিল। পাছত তেওঁৰ অনুমতি অনুসৰি বন্য প্রাণী সুৰক্ষা আইনৰ অধীনত ৭ ছেপ্তেম্বৰত হাতীজনী কেৰেলমলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা এই হাতীজনীৰ লগতে আৰু তিনিটা হাতী প্ৰেৰণৰ কথা আছিল বুলি উল্লেখ কৰি ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে কয়, যে হাতীৰ সৈতে জনসাধাৰণৰ আবেগ জড়িত হৈ থকাৰ বাবে বহিঃৰাজ্যলৈ পৰৱৰ্তী সময়ত বাকী তিনিটা হাতী প্ৰেৰণ নকৰিবলৈ ঊর্ধতন কর্তৃপক্ষক আবেদন জনোৱা হৈছে। এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় বুলিও ক্ষেত্র সঞ্চালকগৰাকীয়ে উল্লেখ কৰে।
উল্লেখযোগ্য যে যোৱা ৭ ছেপ্তেম্বৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মহল কেম্পৰ পৰা দুৰ্গা নামৰ পোহনীয়া হাতীজনীক কেৰলমলৈ সৰবৰাহ কৰা হৈছিল। এই সন্দৰ্ভত প্ৰকৃতিপ্রেমী সংগঠনসমূহে বাঁহবাৰী ৰেঞ্জৰ বন সংমণ্ডল বিষয়া নীতিশ বড়োক জবাবদিহি কৰিছিল।