মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই আছাম ৰাইফল্ছে শুল্ক বিভাগৰ সহযোগত ত্ৰিপুৰাৰ খোৱাই জিলাত ৩৪০ কিলোগ্রাম ভাং জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ বজাৰমূল্য ডেৰ কোটি টকাৰো অধিক বুলি অনুমান কৰা হৈছে। আছাম ৰাইফল্ছ আৰু শুল্ক বিভাগে গোপন সূত্ৰৰ ভিত্তিত কালি মুংগিয়াকামী অঞ্চলত অভিযান চলোৱাৰ সময়ত মাদকদ্ৰব্যখিনি সৰবৰাহৰ সন্দেহত এখন চাৰিচকীয়া বাহন জব্দ কৰে। পাছত বাহনখনত তালাচী চলাই ভাংখিনি জব্দ কৰা হয়। জব্দ কৰা নিচাযুক্ত সামগ্ৰী আৰু বাহনখন অধিক তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ বাবে শুল্ক কর্তৃপক্ষক গতাই দিয়া হয়।
Assamese | October 7, 2026 12:47 PM | Assam raifels
মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই আছাম ৰাইফল্ছৰ ত্ৰিপুৰাত ৩৪০ কিলোগ্রাম ভাং জব্দ