August 21, 2026 7:34 PM | DRUGS SEIZED

printer

মাদকদ্রব্য বিৰোধী অভিযান চলাই অসম আৰক্ষীৰ বৃহৎ সফলতা

অসম আৰক্ষীয়ে মাদকদ্রব্য বিৰোধী অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে। কাছাৰ জিলাৰ উধাৰবন্দৰ এটা গুডামত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ কোডেইন কফছিৰাপ আৰু ট্রেমাডল কেপচুল জব্দ কৰে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে আৰক্ষীয়ে যোৱা নিশা গোচাইপুৰ অঞ্চলৰ এটা গুডামত অভিযান চলাই কফছিৰাপ ভর্তি ১২২ টা কার্টুন আৰু ১৩০ টা ট্রেমাডল কেপচুলসহ এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন সুহুদ আহমেদ লস্কৰ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে ঘটনা সংক্রান্তত তদন্ত অব্যাহত ৰাখিছে।

ধেমাজি আৰক্ষীয়ে আজি জিলাখনৰ বৰপাতৰিয়াত অভিযান চলাই বুজন পৰিমাণৰ মাদকদ্রব্যসহ তিনিজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা যুৱক কেইজন ধেমাজিৰ গোসাঁই গাঁৱৰ লক্ষ্যজিৎ বৰগোহাঁই, লেলুৱনি গাঁৱৰ সীমান্ত বৰুৱা আৰু বৰপাৰ্টৰিয়া গাঁৱৰ অসীম গগৈ বুলি আৰক্ষীয়ে জনাইছে।

ইপিনে নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি দুপৰীয়া অভিযান চলাই নগাঁও ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ পৰা মাদকদ্রব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰে। ইছলাম মালিক আৰু ছাহিন মালিক নামৰ সৰবৰাহীকাৰী দুজনে এখন দুচকীয়া বাহনত প্রায় ৮০ হাজাৰ টকা মূল্যৰ মাদকদ্রব্য কঢ়িয়াই আনিছিল বুলি আৰক্ষীৰ সূত্ৰত প্রকাশ।