মাজুলীৰ আউনীআটি সত্ৰৰ মণিকাঞ্চন ৰংগমঞ্চত আজিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। এইবাৰ সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০ খন নিৰ্বাচিত প্রতিযোগিতামূলক আৰু ৩ খন প্রদর্শনীমূলক ভাওনা প্ৰদৰ্শিত হ’ব। পুৱা প্ৰভাতি কীৰ্তনৰ পাছতেই উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে ধর্মধবজ্জা উত্তোলন কৰে। ইয়াৰ পাছত ক্ৰমে মণিকূটৰ দ্বাৰ উন্মোচন আৰু জুবিন গাৰ্গ প্ৰদৰ্শনী ক্ষেত্র উদ্বোধন কৰা হয়। মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ৫শ গৰাকী সূত্ৰধাৰৰ সূত্ৰ নৃত্য পৰিৱেশনেৰে ভাওনা সমাৰোহৰ শুভাৰম্ভ হ’ব। উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু কৃষিমন্ত্ৰী অতুল বৰাকে ধৰি ভালসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।সমাৰোহত দিনত ভাগত শিশু, আই-মাতৃ, বিভিন্ন শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন কার্যসূচীত অংশগ্ৰহণ কৰে।
Assamese | January 18, 2026 7:53 PM | Majuli Bhaona Samaroh
মাজুলীত সদৌ অসম ভাওনা সমাৰোহ আৰম্ভ