মাজুলিৰ মায়ামৰা আজলী আইথানৰ বাৰ্ষিক থান সেৱা উৎসৱ ভাগি প্ৰতিবছৰে মাঘ মাহৰ প্ৰথমটো দেওবাৰে অনুষ্ঠিত কৰি অহা হৈছে। এইবেলিও থানখনলৈ কেইবা হাজাৰৰো দৰ্শনাৰ্থী আগমণ ঘটিছে। মায়ামৰা সমাজৰ আদ্যগুৰু অনিৰুদ্ধ দেৱৰ মাতৃ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভগ্নী এই আজলী আইয়ে মানৰ আক্ৰমণৰ সময়ত মাজুলিত গোপনে বাহৰ পাতি আছিল আৰু তাত শেষ নিশ্বাস ত্যাগ কৰিছিল। আজলী আইয়ে শেষ নিশ্বাস ত্যাগ কৰা দিনটোতে তেওঁক সুঁৱৰি প্ৰতিবছৰে মায়ামৰা সমাজে থানত বাৰ্ষিক নাম- কীৰ্তনৰ আয়োজন কৰে ৷
Assamese | January 19, 2025 7:16 PM | Majuli garmur
মাজুলিৰ মায়ামৰা আজলী আইথানৰ বাৰ্ষিক থান সেৱা উৎসৱ অনুষ্ঠিত