মহিলাৰ ১৯ বছৰৰ অনূর্ধ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেটত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কুৱালালামপুৰৰ বায়ুৱেমাছ অভেল ষ্টেডিয়ামত দেওবাৰে আয়োজিত এখন খেলত ভাৰতে বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলখনত প্ৰথমে বেট ধৰি বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ৬৬ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ অধিনায়ক ছুমাইয়া আখতাৰে সৰ্বাধিক ২১ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ভাৰতৰ হৈ বৈষ্ণৱী শৰ্মাই তিনিটা উইকেট দখল কৰে। ভাৰতৰ তৃষাই ৩১টা বলত ৪০ ৰাণ সংগ্ৰহ কৰে। দলটোৱে ৭ অভাৰ এটা বলত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। মঙলবাৰে হ’বলগীয়া চূড়ান্ত ছুপাৰ ছিক্স পৰ্যায়ৰ খেলত ভাৰত স্কটলেণ্ডৰ মুখামুখি হ’ব।
Assamese | January 26, 2025 9:08 PM | Women ICC T-20
মহিলাৰ ১৯ বছৰৰ অনূর্ধ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেটত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ