সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ’বলগীয়া মহিলাৰ টি-২০ এছিয়া কাপৰ গ্ৰুপ-এৰ দ্বিতীয়খন খেলত ভাৰতে আজি হংকঙৰ বিৰুদ্ধে খেলিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব। যোৱা দেওবাৰে ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে ৯৪ ৰানেৰে ভাৰতীয় দলটোৱে জয়লাভ কৰে।
যোৱা নিশা ডুবাইত অনুষ্ঠিত গ্রুপ ‘বি’ ৰ খেলখনত শ্রীলংকাই ইণ্ডোনেছিয়াক ৭৫ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি শ্ৰীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১২৪ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইণ্ডোনেছিয়াই ১৮ অভাৰ আৰু ৩টা বলত আটাইকেইটা হেৰুৱাই মাত্র ৪৯ ৰানহে কৰিবলৈ সমর্থ হয়। শ্রীলংকাৰ হৈ ৭টা উইকেট দখল কৰা চামাৰী আথাপক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয়।