চীনৰ হাংজৌত হ’বলগীয়া মহিলাৰ এছিয়া কাপ হকী প্রতিযোগিতাত খিতাপ দখলৰ লক্ষ্যৰে ভাৰত আজি চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময়মতে সন্ধিয়া চাৰে পাঁচ বজাত অনুষ্ঠিত হ’ব। কালি চুপাৰ ফ’ৰ পৰ্য্যায়ত ভাৰত আৰু জাপানৰ মাজৰ খেলখন ড্র’ হয়। ভাৰতৰ বিউটি ডুং ডুঙে ভাৰতৰ হৈ স্ক’ৰ সংগ্ৰহ কৰিলেও, চতুথাৰ্ধত জাপানৰ শ্বিহ’ কাবাকায়াৰ গ’লত পিছ পৰি ৰয়। চুপাৰ ফ’ৰ পৰ্যায়ৰ অন্য এখন খেলত চীনে দক্ষিণ কোৰিয়াক পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয়।
Assamese | September 14, 2025 12:28 PM | Asia Cup Hockey
মহিলাৰ এছিয়া কাপ হকী প্রতিযোগিতাত খিতাপ দখলৰ লক্ষ্যৰে ভাৰত চীনৰ মুখামুখি