যোৱাবাৰৰ চেম্পিয়ন ভাৰতে যোৱা নিশা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে ১০৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ আৰু এটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ হৈ অপেনাৰ স্মৃতি মান্ধানাই ৪৫ আৰু শ্বেফালি বাৰ্মাই ৪০ ৰানৰ বৰঙনি আগবঢ়ায়। ইয়াৰ পূৰ্বে পাকিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ১৯ অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১০৮ ৰান কৰে। পাকিস্তানৰ হৈ অমিনে ২৫ ৰান কৰে। ভাৰতৰ দ্বিপ্তী শৰ্মাই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ৰেণুকা সিং, পূজা বস্ত্ৰকাৰ আৰু শ্ৰেয়ংকা পাৰ্টিলে দুটাকৈ উইকেট লাভ কৰে। দিপ্তী শৰ্মাক প্লেয়াৰ অব দ্যা মেছ হিচাপে ঘোষণা কৰা হয়৷ ভাৰত কাইলৈ পৰৱৰ্তী খেলত ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | July 20, 2024 12:59 PM | Women's Asia Cup 2024
মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত পাকিস্তান ৭ উইকেটত পৰাস্ত