ভাৰতে কালি শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত নেপালক ৮২ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। নেপালে ১৭৯ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ৯৬ ৰাণ ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ দিপ্তী শৰ্মাই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ৰাধা যাদৱ আৰু অৰুন্ধতী ৰেড্ডীয়ে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ শ্বেফালি বাৰ্মাৰ ৮১ আৰু দয়ালন হেমলতাৰ ৪৭ ৰাণৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেটৰ বিনিময়ত ১৭৮ ৰাণ কৰে। শ্বেফালি বাৰ্মা আৰু হেমলতাই প্ৰথম উইকেটৰ যুটীত ১২২ ৰাণ সংগ্ৰহ কৰে। শ্বেফালি বাৰ্মাক প্লেয়াৰ অব দ্য মোচ হিচাপে ঘোষণা কৰা হয় ৷ প্ৰতিযোগিতাৰ গ্ৰুপ এৰ পৰা ভাৰত আৰু পাকিস্তানে ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে নেপাল আৰু ইউ এ ই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।
Assamese | July 24, 2024 10:41 AM | Asia Cup
মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ