মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটাৰৰ সমৰ্থন লাভ কৰিবলৈ সৰ্বাত্মক প্রচেষ্টা চলাই আছে৷ ৰাজ্যখনত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে অহা ২৩ নৱেম্বৰত ভোট গণনা অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি গণ্ডিয়া আৰু নাগপুৰত প্ৰচাৰ চলোৱাৰ বিপৰীতে বিজেপিৰ সভাপতি জে পি নাড্ডাই থানে, ছোলাপুৰ আৰু আহমেদনগৰত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দিব। ইফালে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে মুম্বাইত এখন সংবাদ মেল সম্বোধন কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে শাসকীয় মহাজোঁটৰ চৰকাৰখনে আন ৰাজ্যৰ পৰা ৭ লাখ কোটি টকাৰ কেইবাটাও প্রকল্প হেৰুৱাইছে যাৰ ফলত মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৫ লাখ চাকৰিৰ সুবিধাৰ বঞ্চিত হৈছে। মুম্বাইৰ বান্দ্ৰা-কুৰলা কমপ্লেক্সত অনুষ্ঠিত সংবাদমেলখনত শ্ৰী গান্ধীয়ে কয়, যে নিয়োগ, মুদ্রাস্ফিতী, মহিলাৰ সমস্যা আৰু মহাৰাষ্ট্ৰৰ সম্পদসমূহ যাতে ইয়াৰ জনসাধাৰণ ওচৰলৈ ঘূৰাই আনিব পাৰি সেয়া নিশ্চিত কৰাটোৱে আগন্তুক বিধানসভা নিৰ্বাচনৰ মূল বিষয় হোৱা উচিত। এন চি পিৰ নেতা সুপ্রীয়া ছুলেই ছ’লাপুৰ আৰু পুনেত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে এন চি পিৰ মুৰববী শাৰদ পাৱাৰে পুনে আৰু আহমেদনগৰত আৰু এম ভি এৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। আনহাতে এন চি পিৰ মুৰববী অজিত পাৱাৰে অস্তি, ফল্টান, ইন্দাপুৰ আৰু বাৰামটিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ।
Assamese | November 18, 2024 8:10 PM | Maharastra Election
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন