কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি মুম্বাইত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ প্ৰকাশ কৰিব। শ্ৰী শ্বাহে লগতে বিদৰ্ভ অঞ্চলৰ জলগাঁও, বুলডেনা আৰু অমৰাৱতীত তিনিখন নিৰ্বাচনী সভা সম্বোধন কৰিব । ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেও আজি ৰাজ্যখনৰ আসন্ন নিৰ্বাচনৰ বাবে মহাবিকাশ অঘাড়ি মিত্ৰজোঁটৰ ইস্তাহাৰ প্ৰকাশ কৰিব। এই অনুষ্ঠানত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল, দলৰ মহাৰাষ্ট্ৰৰ তত্বাৱধায়ক ৰমেশ চেন্নিথলা, মহাৰাষ্ট্ৰ প্ৰদেশ কমিটিৰ সভাপতি নানা পটোলে, বিধায়িনি গোটৰ নেতা বালাচাহেব থোড়াত, এন চি পিৰ শাৰদ পাৱাৰ গোটৰ সভাপতি জয়ন্ত পাটিল, মুম্বাই কংগ্ৰেছৰ সভাপতি বর্ষা গাইকোৱাৰ্ড, শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ সাংসদ সঞ্জয় ৰাৱত উপস্থিত থাকিব।
Assamese | November 10, 2024 12:00 PM | Maharashtra Assembly Election
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ