সমাগত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৯৯ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে। নাগপুৰ দক্ষিণ-পশ্চিম বিধানসভাৰ আসনৰ পৰা উপ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবিছে প্রতিদ্বন্দিতা কৰিব। আনহাতে, মহাৰাষ্ট্ৰ বিজেপিৰ মুৰববী চন্দ্ৰশেখৰ বাৱানাকুলে কামথিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। জামনেৰৰ পৰা মন্ত্ৰী গিৰিশ মহাজনে প্রতিদ্বন্দিতা কৰাৰ বিপৰীতে বল্লাৰপুৰ বিধানসভা সমষ্টিৰ পৰা সুধিৰ মুংগান্তিৱাৰে প্ৰতিদ্বন্দিতা কৰিব। বিজেপিৰ কেন্দ্ৰীয় নির্বাচনী সমিতিয়ে প্রার্থীসকলৰ নাম অনুমোদন জনাইছে। অহা মাহৰ ২০ তাৰিখে ২৮৮ জনীয়া মহাৰাষ্ট্ৰৰ বিধানসভা নির্বাচন একক পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব।
Assamese | October 20, 2024 8:10 PM | Maharashtra Assembly Election
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৯৯ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ