দিল্লীৰ এখন আদালতে আজি দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ জামিন আবেদনৰ ৰায়দান স্থগিত ৰাখে। ৰোজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাবেজাই ৩০ এপ্রিল তাৰিখে এই আবেদনৰ ৰায়দান কৰা হ’ব বুলি জানিবলৈ দিয়ে। ইডি আৰু চিবিআইৰ দুয়োটা গোচৰতে দিল্লীৰ বিচাৰ আদালত, দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে মনীষ চিছোদিয়াৰ জামিন আবেদন প্রত্যাহাৰ কৰিছিল। লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে তেওঁ অন্তৱৰ্তীকালীন জামিনৰ আবেদন কৰিছিল। মনীষ চিছোদিয়া যোৱা বছৰৰ ফেব্ৰুৱাৰীৰ পৰা সুৰা নীতি গোচৰ সম্পৰ্কীয় অবৈধ ধন সৰবৰাহ সন্দৰ্ভত গ্ৰেপ্তাৰ হৈ আৰক্ষীৰ জিম্মাত আছে।
Assamese | April 20, 2024 7:06 PM
মনীষ চিছোদিয়াৰ জামিন আবেদনৰ ৰায়দান স্থগিত