দিল্লীৰ এখন আদালতে আজি আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩০ মে’লৈ বৃদ্ধি কৰে। চি বি আয়ে ছিছ’দিয়াক এজন অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰি এই গোচৰটো ৰুজু কৰিছিল। ছিছ’দিয়াই ন্যায়িক জিম্মাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পাছত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আজি আদালতৰ সন্মুখত হাজিৰ হয়। ন্যায়ালয়ে কালি আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছিল।
Assamese | May 15, 2024 8:01 PM | Manish sisadiya
মনিষ ছিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩০ মে’লৈ বৃদ্ধি