মধ্য প্ৰদেশৰ গোৱালিয়ৰত যোৱা নিশা হোৱা পথ দুর্ঘটনাত ১২ জন লোকে প্রাণ হেৰুৱায় আৰু অন্য ৩৯ জন আহত হয়। এখন ট্রাকে নিয়ন্ত্রণ হেৰুৱাই চিন’ৰ ৰ’ডস্থিত শীতলামাতা মন্দিৰৰ দেৱালত খুন্দিওৱাৰ ফলতে এই অঘটনটো ঘটে।
আৰক্ষী আৰু স্থানীয় লোকে আহতসকলক উদ্ধাৰ কৰে আৰু ওচৰৰ চিকিৎসালয়ত ভর্তি কৰোৱায়। দুৰ্ঘটনাত কৰ্তব্যৰত কেইগৰাকীমান আৰক্ষী কর্মীও আহত হয়।
ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত হোৱা দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানি হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে শ্রীমতী মুর্মুৱে এই ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাকলৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ লগতে এই ঘটনাত প্রাণ হেৰুওৱা লোকৰ নিকটাত্মীয়লৈ দুই লাখ টকাকৈ আৰু আহত সকললৈ ৫০ হাজাৰ টকাকৈ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে।