কংগ্ৰেছৰ তাৰকা প্ৰচাৰক ৰাহুল গান্ধীয়ে আজি মধ্য প্ৰদেশৰ চিউনী জিলাত ধানৌৰা অঞ্চলত এখন ৰাজহুৱা সভা সম্বোধন কৰে। শ্ৰীগান্ধীয়ে কয় যে, জনজাতীয় লোকসকল হৈছে এই দেশ তথা এই মাটিৰ প্ৰথম স্বত্তাধিকাৰী আৰু সেইবাবেই কংগ্ৰেছ দলে তেওঁলোকক আদিবাসী নামেৰে অভিহিত কৰিছে। আনহাতে, বিজেপি তথা প্রধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহে তেওঁলোকক বনবাসী বুলি অভিহিত কৰিছে বুলি শ্রীগান্ধীয়ে মন্তব্য কৰে। তেওঁ কয় যে আদিবাসী আৰু বনবাসী এই দুটা শব্দৰ অন্তৰালত দুটা পৃথক মতাদর্শ আছে। প্রথম স্বত্তাধিকাৰী হিচাপে আদিবাসীসকলৰ দেশৰ মাটি, পানী, বন আৰু সম্পদৰ ওপৰত পূৰ্ণ অধিকাৰ আছে বুলি শ্রীগান্ধীয়ে উল্লেখ কৰে। তেওঁ লগতে আজি ৰাজ্যখনৰ চাহদল অঞ্চলতো এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে।
Assamese | April 8, 2024 8:28 PM | Rahul Gandhi
মধ্য প্ৰদেশত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীৰ অংশগ্ৰহণ