মধ্যপ্ৰদেশৰ ৰাণী দুর্গাবতী বিশ্ববিদ্যালয়ৰে জড়িত ব্যক্তিসকলক জনজাতীয় সমাজ, পিছপৰা শ্ৰেণী আৰু বিশেষকৈ যুৱতীসকলৰ সবলীকৰণৰ বাবে কাম কৰিবলৈ ৰাষ্ট্ৰপতিৰ আহ্বান

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি মধ্যপ্ৰদেশৰ জবলপুৰত অৱস্থিত ৰাণী দুর্গাবতী বিশ্ববিদ্যালয়ৰ ৩৬ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানত তেওঁ বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ কৃতি শিক্ষার্থীসকলক সোণৰ পদক প্রদান কৰে। সমাৱৰ্তনত ছাত্র ছাত্রীসকলক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয় যে যিগৰাকী ৰাণী দুর্গাৱতীৰ নামেৰে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছে, তেওঁ আছিল সাহস, বীৰত্ব আৰু পৰাক্ৰমৰ প্ৰতীক।

তেওঁ লগতে কয় যে ৰাণী দুর্গাৱতীৰ কাহিনীয়ে ভাৰতীয় নাৰীসকলক সদায় অনুপ্রাণিত কৰি আহিছে আৰু অনাগত প্ৰজন্মৰ বাবে তেওঁ অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব। বিশ্ববিদ্যালয়খনৰ আশে-পাশে থকা অঞ্চলসমূহত বৃহৎ সংখ্যক জনজাতীয় লোকে বসবাস কৰে বুলি উল্লেখ কৰি তেওঁ বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত ব্যক্তিসকলক জনজাতীয় সমাজ, পিছপৰা শ্ৰেণী আৰু বিশেষকৈ যুৱতীসকলৰ সবলীকৰণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

ভাষণ প্রসঙ্গত তেওঁ কয় যে জনজাতীয় লোকসকল অতি স্বাভিমানী আৰু বহু সময়ত তেওঁলোকৰ নিজৰ সমস্যাসমূহৰ বিষয়ে মুকলিকৈ প্রকাশ নকৰে। এনে পৰিপ্ৰেক্ষিতত শিক্ষিত যুৱ প্ৰজন্মই নিজৰ গাঁও আৰু সমাজৰ ব্যক্তিসকলক চৰকাৰী আঁচনি তথা আন সা-সুবিধাসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰা উচিত।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্য তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া উন্নয়নৰ সুফল সমাজৰ প্ৰতিটো শ্রেণী আৰু প্ৰতিগৰাকী ব্যক্তিৰ ওচৰলৈ যাব। তেওঁ লগতে কয় যে শিক্ষা হৈছে ব্যক্তি আৰু সমাজ উভয়ৰে বিকাশৰ আটাইতকৈ কাৰ্যকৰী মাধ্যম। গতিকে জনজাতীয় সমাজৰ শিক্ষা আৰু সামগ্রিক উন্নয়নৰ বাবে অহৰহ প্ৰচেষ্টা চলাই যাব লাগে।

এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য মংগুভাই পেটেল, ৰাজ্যখনৰ মুখ্যমন্ত্রী ড০ মোহন যাদৱ আৰু শিক্ষামন্ত্রী ইন্দৰ সিং পৰমাৰ উপস্থিত থাকে।

উল্লেখযোগ্য যে কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যখনৰ কুন ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ লগতে চহৰীয়া জনজাতিৰ লোকসকলৰ সৈতে মত-বিনিময় কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে উদ্যানখনৰ কৰ্মচাৰীসকলৰ সৈতেও এটা মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব।