মধ্যপ্ৰদেশৰ শিৱপুৰি জিলাৰ মাতাটিলা ধামত কালি সন্ধিয়া মন্দিৰ দৰ্শনৰ বাবে যোৱা যাত্রীভর্তি এখন নাও দুৰ্ঘটনাত পতিত হয়। নাওখনত থকা ১৫ জন লোকক উদ্ধাৰ কৰা হয় যদিও এতিয়াও ৭ জন লোক সন্ধানহীন হৈ আছে । ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীয়ে নিৰুদিষ্ট লোক কেইজনৰ সন্ধানত অভিযান অব্যহাত ৰাখিছে। এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী অধীক্ষক আৰু জিলা সংগ্ৰাহকে জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলৰ সৈতে সেই স্থানত উপস্থিত হয়। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে।
Assamese | March 19, 2025 12:00 PM | Boat Accident
মধ্যপ্ৰদেশত মন্দিৰ দৰ্শনৰ বাবে যোৱা যাত্রীভর্তি নাও দুৰ্ঘটনাত পতিত