মধুপুৰ সত্ৰত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে নিজ হাতেৰে লিখা গুণমালাকে ধৰি সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণৰ কাম আৰম্ভ

কোচবিহাৰৰ মধুপুৰ সত্ৰত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে নিজ হাতেৰে লিখা গুণমালাকে ধৰি সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কাম আৰম্ভ হৈছে।

সদৌ অসম ছাত্ৰ সন্থা আৰু বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰ নেতৃত্বাধীন নন্দ তালুকদাৰ ফাউণ্ডেচনৰ উদ্যোগত মধুপুৰ সত্ৰ আৰু উত্তৰবংগ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সহযোগত এই কাম সম্ভৱ হৈছে।

মধুপুৰ সত্ৰ আৰু উত্তৰবংগ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে তিনি বছৰৰ আগৰ পৰাই এই ঐতিহাসিক আৰু অমূল্য সম্পদ সমূহ বিজ্ঞান সন্মতভাৱে সংৰক্ষণৰ আহ্বান জনাই আহিছিল। সমিতিয়ে সদৌ অসম ছাত্র সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেচনক তৎকালীনভাৱে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাইছে।