প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইম্ফলত এখন ৰাজহুৱা সভাত ভাষণ দি মণিপুৰৰ ৰাইজক ৰাজ্যখনত শান্তি স্থাপনৰ বাবে আগবাঢ়ি অহাৰ লগতে যুৱ প্ৰজন্মৰ প্ৰগতি আৰু কল্যাণৰ পথ প্ৰশস্ত কৰিবলৈ আহ্বান জনায়। মণিপুৰ ভ্ৰমণ কালত প্ৰধানমন্ত্ৰীয়ে ৭,৩০০ কোটি টকাতকৈও অধিক টকা ব্যয় সাপেক্ষ ১৪ টা ভিন ভিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে হিংসাত্মক ঘটনাত গৃহহাৰা হৈ বিভিন্ন আশ্ৰয় শিৱিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে।
ইয়াৰ পূৰ্বে তেওঁ মিজোৰামতো ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন কৰে। ইয়াৰ ভিতৰত ভাৰতীয় ৰে’ল যোগাযোগ ব্যৱস্থাত প্ৰথমবাৰৰ মিজোৰামৰ ৰাজধানী আইজলক সংযোজিত কৰা এটা নতুন ৰে’ল লাইন প্রকল্পও আছে।
Assamese | September 14, 2025 12:07 PM | PM Modi at Imphal
মণিপুৰৰ ৰাইজক ৰাজ্যখনত শান্তি স্থাপনৰ বাবে আগবাঢ়ি অহাৰ লগতে যুৱ প্ৰজন্মৰ প্ৰগতি আৰু কল্যাণৰ পথ প্ৰশস্ত কৰিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান